Logo
image

পাৰ্থসাৰথি নতুন ডিআইজি [প্ৰশাসন]

আমাৰ অসম, ২৪ ফ্ৰেব্ৰুৱাৰীঃ গুৱাহাটীৰ যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্তক বদলি কৰা হৈছে৷ আইপিএছ বিষয়াজনক অসম আৰক্ষীৰ উপ-মহাপৰিদৰ্শক  [প্ৰশাসন] পদত নিযুক্তি দিয়া হৈছে৷ বৰ্তমান ডিআইজি সশস্ত্ৰ শাখাৰ লগতে গুৱাহাটী আৰক্ষী আয়ুক্তালয়ৰ যুটীয়া আৰক্ষী আয়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল পাৰ্থ সাৰথি মহন্তই৷ বৃহস্পতিবাৰে গৃহ বিভাগৰ সচিব দেৱপ্ৰসাদ মিশ্ৰই এটা নিৰ্দেশনাযোগে ২০০৭ বেট্‌ছৰ আইপিএছ বিষয়াজনক আৰক্ষী উপ-মহাপৰিদৰ্শক [প্ৰশাসন] পদত স্থলাভিষিক্ত কৰে৷ একেটা নিৰ্দেশনাত মহন্তক গুৱাহাটী যুটীয়া আৰক্ষী আয়ুক্তৰ দায়িত্বৰ পৰা অব্যাহতি দিয়া হয়৷ উল্লেখ্য গুৱাহাটী যুটীয়া আৰক্ষী আয়ুক্তৰ দায়িত্ব লোৱাৰ পাছৰে পৰা পাৰ্থ সাৰথি মহন্তই ড্ৰাগ বিৰোধী কেইবাটাও সফল অভিযানক নেতৃত্ব দিছিল৷ আইপিএছ বিষয়াজনৰ নেতৃত্বতে গুৱাহাটী আৰক্ষীয়ে বৃহৎ পৰিমাণৰ ড্ৰাগ তথা নিচাজাতীয় দ্ৰব্য জব্দ কৰাৰ লগতে ড্ৰাগ সৰবৰাহত জড়িত বহুসংখ্যক মাফিয়া আৰু সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল৷ ইফালে বৃহস্পতিবাৰে অসম আৰক্ষীৰ এডিজিপি অনুৰাগ আগৰৱালাই অসম ত্যাগ কৰে৷ কেন্দ্ৰীয় ডেপুটেশ্যনত দিল্লীলৈ ৰাওনা হৈ ১৯৯৮ বেট্‌ছৰ আইপিএছ বিষয়া অনুৰাগ আগৰৱালাই৷ অসম-মেঘালয় কেডাৰৰ বিষয়া অনুৰাগ আগৰৱালাক কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী চমুকৈ চিআৰপিএফৰ মহাপৰিদৰ্শক পদত নিযুক্তি দিয়া হৈছে৷ বৃহস্পতিবাৰে আইপিএছ বিষয়াজনক নতুন দায়িত্বৰ বাবে অসম আৰক্ষীৰ শীৰ্ষ বিষয়াসকলে শুভেচ্ছা তথা বিদায় সম্বদ্ধৰ্না জনায়৷